Assamese Status।Assamese Status for Whatsapp

Assamese Status, Assamese Status for Whatsapp. Hey, are you looking for Assamese Status and Assamese Poem? yes, then you are in the right place. Today I am sharing with you Best Assamese status for Whatsapp. you Can obviously share with your friends on Social media
Assamese Status, Assamese Status for Whatsapp


Assamese Status, Assamese Status for Whatsapp


তুমিমোৰশুকানপদূলিত
হেঁপাহৰবৰষুণৰটুপাল।
Assamese Status, Assamese Status for Whatsapp

500+ Attitude Status for WhatsApp


তুমি মোৰ কল্পনাৰ অবাস্তৱ মৰীচিকা

তুমি মোৰ বিষাদৰ এমুঠি হাঁহি।
Assamese Status, Assamese Status for Whatsapp

তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে ।

চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত, কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি ।

পাহৰি যোৱাগৈ তুমি মোক;
তোমাৰ স্মৃতিকে লৈ জীয়াই থাকিম।

তোমাৰ নামৰ গানকে গাম;
গানৰ সুৰ শেষ নোহোৱা লৈ।


তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব ।

ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন ।

অনুভূতিবোৰ আগৰ দৰেই আছে তুমি সলনি হৈ গলা, সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল ।

তুমি মোৰ ৰিক্ত জীৱনৰ প্ৰেৰণা।

মৃত্যুৰ আগত হেজাৰ বাৰ মৃত্যু হোৱাৰ বেদনা বুকুত লৈ
জীয়াই থকাৰ মজাই বেলেগ।

যদি কাৰোবাক ভালপাইছা ভালপোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰৱঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হয় ।
       

you are reading Assamese Status, Assamese Status for Whatsapp


কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব ।


ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক, "ঘৰত নিদিলে পলাই গুচি যাম" বুলি কোৱা এগৰাকীহে লাগে ।

হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকেই ক্ষমা কৰি দিওঁ, যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিছাৰো।

যাক প্ৰকৃততে ভালপোৱা যায় তাক ক্ষমাও কৰিব পৰা যায়
Assamese Status, Assamese Status for Whatsapp

ভালপোৱাই মানুহক ক্ষমাশীল আৰু দয়ালু কৰে।

Assamese status


সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,অভিমানবোৰ শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয় ।

প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস থাকিব লাগিব।

অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা ।

এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা, প্ৰথমৰ পৰা শেষ পৃষ্ঠলৈকে মাথো তোমাৰ আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা ।

প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয় ।

দামী দামী উপহাৰৰ টোপোলা নালাগে মোক সাহস যদি আছে, শিৰত আঁকি দিবা সেন্দুৰৰ ৰঙা বোল ।



এবাৰ কৈ দিয়া ভালপাও বুলি, নিজক পৃথিবীৰ সুখী ব্যক্তি বুলি ভাবিম

প্ৰতি বাৰেই হেৰাই যাও; তোমাৰ স্মৃতিৰ চহৰত।

সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা ।

তুমি মোক ভাল নোপোৱা কথা না, মই তোমাক পাওঁ তাতেই মই সুখী

Content: Assamese Status। অসমীয়া ষ্টেটাচ।Assamese Status for Whatsapp Assamese Facebook Status


সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ

মন যায় তোৰ অচিন চহৰৰ কোনোবা গলিত হেৰুৱাই যাবলৈ।

নিজম পদূলি নিস্তব্ধ গধূলি প্ৰকৃতিৰ মাজত তোমাৰ স্মৃতি
ৰাঙলী বেলিয়ে দূৰৰ পৰাই ৰিঙিয়াই আহচোন কথা পাতো বুলি

মোৰ খালি চহৰত আহিবা আকৌ এটোপাল বৰষুণহৈ
তিতিম মই হিয়া ভৰৱাই।
             Assamese Status

তুমি মোক ভালপোৱানে নাই নাজানো তথাপিও তোমাক ভাবি ভাল লগে।

তাক কেতিয়াও হেৰুৱাব নিদিবা যিয়ে তোমাৰ সকলো ভুল দেখিও তোমাক ক্ষমা কৰে।

তুমি তাক ভালপোৱা বা নপোৱা কথা নাই কিন্তু তাক কেতিয়াও অসন্মান নকৰিব।

নিশাৰ নিসংগতাই বহু কথাই শিকাই থৈ যাই ।

ভালপোৱাটো ডাঙৰ কথা নহয় ভালপোৱাৰ মৰ্যদা বজাই ৰখাহে ডাঙৰ কথা
তোমাৰ নামৰ গানকে গাম;গানৰ সুৰ শেষ নোহোৱা লৈ।তোমাৰ নামৰ কবিতাকে ৰচিম;কবিতাৰ ছন্দ শেষ নোহোৱা লৈ।তোমাৰ আশাতেই বাট চাই ৰম;মোৰ জীৱনৰ অন্তীম পৰলৈ।তোমাৰ উভতনীৰে পাৰ্থনা কৰিম;পৃথিবীত ঈশ্বৰৰ বিশ্বাস থকা লৈ।
প্ৰতি বাৰেই জীৱন হেৰাই যায় বাহ্যিকতাত।প্ৰতি বাৰেই জীৱন লুণ্ঠিতহয়...সভ্যতাৰ হাতত।।

Assamese Status, Assamese Status for Whatsapp

তুমি মোৰ ঠিকনা বিহীন ঠিকনা..তুমি মোৰ তৃষ্ণানাৰ এসাগৰ অমৃত
বেদনাৰ যাতনাত..আজি মই..বিষাদাক্ৰান্ত ভাগৰুৱাএজন ব্যাৰ্থ প্ৰেমিক..।
আশাৰ পদুলিত..তোমাৰ উভতনিৰ এক..অন্তহীন অপেক্ষাত ৰৈ আছো।
আহিবাচোন আকৌ...?তোমাক চাম হেপাহ পলুৱাই...।দুচকুত আকি দিম...হেজাৰ সপোনৰ আল্পনা।।

ভালপাও বুলি মই নিৰ্লজ নেকি?মই চোন তোমাৰ দৰে হৃদয়কবিক্ৰী কৰি ফুৰা নাই নগ্ন সভ্যতাৰ ভিৰত| মই চোন তোমাৰ দৰে..বিলাসীতাত পাহৰি যোৱা নাই মানবতা| মই চোন তোমাৰ দৰে..ভালপোৱাৰ অজুহাতত নমা নাই প্ৰেম প্ৰতিযোগিতাত।মই চোন তোমা ৰদৰে..হৃদয়ৰ বাসনাক পূৰ্ণ কৰিবলৈউলংগা কৰা নাই আত্মসন্মানক।আকৌ মোকেই নিৰ্লজ বুলি কৈছা যে?


পাহৰি যোৱাগৈ তুমি
পাহৰি যোৱাগৈ তুমি মোক;
তোমাৰ স্মৃতিকে লৈ জীয়াই থাকিম।
তোমাৰ স্মৃতিতে মগ্ন থাকিম;
জীৱনৰ শেষ দিনটো লৈ।
তোমাৰ সপোনকে দেখিম;
জীৱনৰ অন্তীম নিশাটো লৈ।
তোমাৰ কল্পনাকে কৰিম;
মোৰ কল্পনা শক্তি থকালৈ।
তোমাৰ ছবিকে আকিম;
ৰামধেনুৰ ৰং শেষ নোহোৱা লৈ।
তোমাকেই ভাল পাই থাকিম;
পৃথিবীত ভাল পোৱা জীয়াই থকালৈ।
তোমাৰ নামৰ গানকে গাম;
গানৰ সুৰ শেষ নোহোৱা লৈ।
তোমাৰ নামৰ কবিতাকে ৰচিম;
কবিতাৰ ছন্দ শেষ নোহোৱা লৈ।
তোমাৰ আশাতেই বাট চাই ৰম;
মোৰ জীৱনৰ অন্তীম পৰলৈ।
তোমাৰ উভতনীৰে পাৰ্থনা কৰিম;
পৃথিবীত ঈশ্বৰৰ বিশ্বাস থকা লৈ।
©আমিনুল❤❤

Assamese Status, Assamese Status for Whatsapp






তুমি মোৰ
তুমি মোৰ শুকান পদূলিত
হেঁপাহৰ বৰষুণৰ টুপাল..
তুমি মোৰ হৃদয় কাননৰ
এছাটি শান্তিৰ মলয়া।
তুমি মোৰ মেঘাচ্ছন্ন মন আকাশৰ
হেঁপাহৰ ৰদালি... ।
তুমি মোৰ আঘোণৰ
নিয়ৰ সনা শীতল গধূলি।।
আহিবা (তুমি) কোনোবা পূৰ্ণিমা ৰাতি
নোকোৱা গল্পবোৰ শুনিবলৈ...
ফাগুনৰ অল্প উষ্ণ হাৱাৰ
সোৱাদ লবলৈ...
আহিবা আকৌ...........!!!!
©আমিনুল❤❤


You are reading Assamese Status।Assamese Status for Whatsapp



প্রতি উশাত
প্রতি উশাত মৃত্যু হয়...
জীয়াই থকাৰ মাদকতা;
প্ৰতিবাৰেই জীৱনে লজ্জিত কৰে..
নিজৰ অস্তিত্ব পাহৰো বুলি।
প্ৰতি বাৰেই জীৱনে একে ঠাইতে ৰই..
য'ত উলংঘা হয় আত্ম সন্মানৰ...।
প্ৰতি বাৰেই জীৱনে শপত খায়
শপত ভংগ নকৰাৰ...
প্ৰতি বাৰেই জীৱনে নিজৰ তাচ্ছিলতা উৰুৱাই...
কিবা এটাৰ আশাত।
প্ৰতি বাৰেই জীৱন হেৰাই যায় বাহ্যিকতাত।
প্ৰতি বাৰেই জীৱন লুণ্ঠিতহয়...
সভ্যতাৰ হাতত।।
©আমিনুল❤❤

Assamese Status, Assamese Status for Whatsapp




মৰীচিকা
তুমি মোৰ কল্পনাৰ অবাস্তৱ মৰীচিকা
তুমি মোৰ বিষাদৰ এমুঠি হাঁহি..
তুমি মোৰ শীতল মলয়া
তুমি মোৰ ৰিক্ত জীৱনৰ প্ৰেৰণা
তুমি মোৰ ঠিকনা বিহীন ঠিকনা..
তুমি মোৰ তৃষ্ণানাৰ এসাগৰ অমৃত
তুমি মোৰ ফাগুনৰ কুঁহিপাত
তুমি মোৰ জীৱনৰ এটি অবাস্তৱ সপোন
তুমি মোৰ.......................
©আমিনুল❤❤





মই নিৰ্লজ নেকি?
ভালপাও বুলি মই নিৰ্লজ নেকি?
মই চোন তোমাৰ দৰে হৃদয়ক
বিক্ৰী কৰি ফুৰা নাই নগ্ন সভ্যতাৰ ভিৰত|
 মই চোন তোমাৰ দৰে..
বিলাসীতাত পাহৰি যোৱা নাই মানবতা|
 মই চোন তোমাৰ দৰে..
ভালপোৱাৰ অজুহাতত নমা নাই প্ৰেম প্ৰ
তিযোগিতাত।
মই চোন তোমা ৰদৰে..
হৃদয়ৰ বাসনাক পূৰ্ণ কৰিবলৈ
উলংগা কৰা নাই আত্মসন্মানক।
আকৌ মোকেই নিৰ্লজ বুলি কৈছা যে?
©আমিনুল❤❤

You are Reading Assamese Status 




প্ৰেমৰ সজ্ঞা
তুমিয়েইতো আঁকি দিছিলা
মোৰ হৃদয় পটত প্ৰেমৰ সজ্ঞা।
শিকাইছিলা ভালপোৱাৰ
নতুন নতুন অনুভুতি।।
তোমাৰ কোমল উঠৰ..
নিমজ হাঁহিটিয়ে আছিল,
মোৰ জীয়াৰ থকাৰ প্ৰেৰণা..।
তোমাৰ চকুযোৰিতেই দেখিছিলোঁ
হেজাৰ সপোনৰ বাসনা।
তোমাৰ হেপাহতেই সাজিছিলোঁ
ৰঙীণ ফুলৰ বাগিছাখনী।।
আৰু....
সেই সৰু পজাঁটো....য’ত..!
য’ত কটাইছিলো সেই..
ৰঙীণ প্ৰেমৰ প্ৰতিটো পল।।
তুমিচাগে পাহৰিলা..?
কৃত্ৰিম সভ্যতাৰ আধুনীক জীৱনৰ
ব্যস্ততাৰ অজুহাতত,,
মোক চাগে পাহৰিয়েই গ’লা।
কিন্তু মই---
মইচোন পাহৰিব পৰা নাই!!
©আমিনুল❤❤

Content: Assamese Poem Assamese poem for the love


Assamese Status, Assamese Status 



প্ৰতিটো পলে
প্ৰতিটো পলেই কাটিছে
ব্যৰ্থ প্ৰেমৰ, এক অনুভুতিত।।
ভাগৰি পৰিছো তোমাৰ..
প্ৰেমৰ প্ৰতাৰণাৰ বোজা লৈ।
এতিয়া মাথো বিচাৰিছো.
কেৱল জিৰণি আৰু জিৰণি।।
কোৱা.......?
আৰু কিমান সহ্য কৰিম..
তেমাৰ প্ৰেমৰ প্ৰতাৰণাৰ জুই কুৰা..।।
মোকচোন নিঃশেষ কৰি পেলালে..
তোমাৰ ছলনাময়ী প্ৰেমৰ..
নিষ্ঠুৰ স্মৃতিবোৰে...।।
অনেক চেষ্টাৰ ফলতো মুছিব ..
পৰা নাই স্মৃতিবোৰ।
কেনেকৈ পাহৰো কোৱা.?
সেই মধুৰ সময়খিনি..।
তোমাৰ সতে পাৰ কৰা
প্ৰতিটো ক্ষণ...।।
নাই....নাই নোৱাৰো..।।

©আমিনুল❤❤





বেদনা
বেদনাৰ যাতনাত..
আজি মই..
বিষাদাক্ৰান্ত ভাগৰুৱা
এজন ব্যাৰ্থ প্ৰেমিক..।
জানা তুমি ...?
আমাৰ ব্যাৰ্থতাত
মেঘেও যেন বৰষুণৰ চলনাৰে..
চকুলো বোৱাই..।
আকাশেও বজ্ৰপাতৰ ভাওৰে হুমুনীয়াই..
সাগৰেও ব্যাৰ্থতাৰ যাতনাত যেন..
মহান প্ৰলয়ৰ ৰূপ লয়.
নাই তুমি কি বুজিবা...
ব্যৰ্থ প্ৰেমিকৰ বেদনা।।
জানা কেতিয়াবা তুমালৈ
বৰকৈ মনত পৰে।
কিন্তু কি কৰিম কোৱা...?
মই যে এজন ব্যৰ্থ প্ৰেমিক
চকুলো টুকিয়েই হৃদয়ক দিও-।

©আমিনুল❤❤

Best Assamese Status

Assamese Status, Assamese Status for Whatsapp




আশাৰ পদুলি
আশাৰ পদুলিত..
তোমাৰ উভতনিৰ এক..
অন্তহীন অপেক্ষাত ৰৈ আছো।
আকৌ এবাৰ আহিবা বুলি...।
নাই............
তুমিচোন অহা নাই..
মোৰ পদুলিলে..।
ক্ৰমশঃ পাহৰিয়েই গৈছো..
তোমাৰ সেই আবেগিক
স্মৃতি সমূহ..।
মনৰ দাপোনত মাজে মাজে..
ভাহি উঠে তোমাৰ এক...
মনিব নোৱাৰা অস্পষ্ট প্ৰতিচ্ছবি।।
হেজাৰ চেষ্টাৰ ফলতো মই ব্যৰ্থ হও..
তোমাৰ ছবিটো স্পষ্ট কৰাত..।
তথাপিও যেন এক আশাহীন..
প্ৰয়াসত ব্যস্ত..।।
আহিবাচোন আকৌ...?
তোমাক চাম হেপাহ পলুৱাই...।
দুচকুত আকি দিম...
হেজাৰ সপোনৰ আল্পনা।।
হাতে হাত দুয়ো গুছি যাম..
কোনোবা নিৰ্জনতালৈ...
আহিবানে...?

©আমিনুল❤❤

I hope You Like my status collection of  Assamese Status Collection you can also check My Assamese Poem collections.
                Thank You For Visiting
Content: Assamese Status। অসমীয়া ষ্টেটাচ।Assamese Status for Whatsapp Assamese Facebook Status


Post a Comment

0 Comments