Read Also Assamese Love Poems
Assamese poem Assamese for Love আসমীয়া কবিতা
পাহৰি যোৱাগৈ তুমি
পাহৰি যোৱাগৈ তুমি মোক;
তোমাৰ স্মৃতিকে লৈ জীয়াই থাকিম।
তোমাৰ স্মৃতিতে মগ্ন থাকিম;
জীৱনৰ শেষ দিনটো লৈ।
তোমাৰ সপোনকে দেখিম;
জীৱনৰ অন্তীম নিশাটো লৈ।
তোমাৰ কল্পনাকে কৰিম;
মোৰ কল্পনা শক্তি থকালৈ।
তোমাৰ ছবিকে আকিম;
ৰামধেনুৰ ৰং শেষ নোহোৱা লৈ।
তোমাকেই ভাল পাই থাকিম;
পৃথিবীত ভাল পোৱা জীয়াই থকালৈ।
তোমাৰ নামৰ গানকে গাম;
গানৰ সুৰ শেষ নোহোৱা লৈ।
তোমাৰ নামৰ কবিতাকে ৰচিম;
কবিতাৰ ছন্দ শেষ নোহোৱা লৈ।
তোমাৰ আশাতেই বাট চাই ৰম;
মোৰ জীৱনৰ অন্তীম পৰলৈ।
তোমাৰ উভতনীৰে পাৰ্থনা কৰিম;
পৃথিবীত ঈশ্বৰৰ বিশ্বাস থকা লৈ।
©আমিনুল❤❤
তুমি মোৰ
তুমি মোৰ শুকান পদূলিত
হেঁপাহৰ বৰষুণৰ টুপাল..
তুমি মোৰ হৃদয় কাননৰ
এছাটি শান্তিৰ মলয়া।
তুমি মোৰ মেঘাচ্ছন্ন মন আকাশৰ
হেঁপাহৰ ৰদালি... ।
তুমি মোৰ আঘোণৰ
নিয়ৰ সনা শীতল গধূলি।।
আহিবা (তুমি) কোনোবা পূৰ্ণিমা ৰাতি
নোকোৱা গল্পবোৰ শুনিবলৈ...
ফাগুনৰ অল্প উষ্ণ হাৱাৰ
সোৱাদ লবলৈ...
আহিবা আকৌ...........!!!!
©আমিনুল❤❤
Assamese poem
প্রতি উশাত
প্রতি উশাত মৃত্যু হয়...
জীয়াই থকাৰ মাদকতা;
প্ৰতিবাৰেই জীৱনে লজ্জিত কৰে..
নিজৰ অস্তিত্ব পাহৰো বুলি।
প্ৰতি বাৰেই জীৱনে একে ঠাইতে ৰই..
য'ত উলংঘা হয় আত্ম সন্মানৰ...।
প্ৰতি বাৰেই জীৱনে শপত খায়
শপত ভংগ নকৰাৰ...
প্ৰতি বাৰেই জীৱনে নিজৰ তাচ্ছিলতা উৰুৱাই...
কিবা এটাৰ আশাত।
প্ৰতি বাৰেই জীৱন হেৰাই যায় বাহ্যিকতাত।
প্ৰতি বাৰেই জীৱন লুণ্ঠিতহয়...
সভ্যতাৰ হাতত।।
©আমিনুল❤❤
মৰীচিকা
তুমি মোৰ কল্পনাৰ অবাস্তৱ মৰীচিকা
তুমি মোৰ বিষাদৰ এমুঠি হাঁহি..
তুমি মোৰ শীতল মলয়া
তুমি মোৰ ৰিক্ত জীৱনৰ প্ৰেৰণা
তুমি মোৰ ঠিকনা বিহীন ঠিকনা..
তুমি মোৰ তৃষ্ণানাৰ এসাগৰ অমৃত
তুমি মোৰ ফাগুনৰ কুঁহিপাত
তুমি মোৰ জীৱনৰ এটি অবাস্তৱ সপোন
তুমি মোৰ.......................
©আমিনুল❤❤
মই নিৰ্লজ নেকি?
ভালপাও বুলি মই নিৰ্লজ নেকি?
মই চোন তোমাৰ দৰে হৃদয়ক
বিক্ৰী কৰি ফুৰা নাই নগ্ন সভ্যতাৰ ভিৰত|
মই চোন তোমাৰ দৰে..
বিলাসীতাত পাহৰি যোৱা নাই মানবতা|
মই চোন তোমাৰ দৰে..
ভালপোৱাৰ অজুহাতত নমা নাই প্ৰেম প্ৰ
তিযোগিতাত।
মই চোন তোমা ৰদৰে..
হৃদয়ৰ বাসনাক পূৰ্ণ কৰিবলৈ
উলংগা কৰা নাই আত্মসন্মানক।
আকৌ মোকেই নিৰ্লজ বুলি কৈছা যে?
©আমিনুল❤❤
প্ৰেমৰ সজ্ঞা
তুমিয়েইতো আঁকি দিছিলা
মোৰ হৃদয় পটত প্ৰেমৰ সজ্ঞা।
শিকাইছিলা ভালপোৱাৰ
নতুন নতুন অনুভুতি।।
তোমাৰ কোমল উঠৰ..
নিমজ হাঁহিটিয়ে আছিল,
মোৰ জীয়াৰ থকাৰ প্ৰেৰণা..।
তোমাৰ চকুযোৰিতেই দেখিছিলোঁ
হেজাৰ সপোনৰ বাসনা।
তোমাৰ হেপাহতেই সাজিছিলোঁ
ৰঙীণ ফুলৰ বাগিছাখনী।।
আৰু....
সেই সৰু পজাঁটো....য’ত..!
য’ত কটাইছিলো সেই..
ৰঙীণ প্ৰেমৰ প্ৰতিটো পল।।
তুমিচাগে পাহৰিলা..?
কৃত্ৰিম সভ্যতাৰ আধুনীক জীৱনৰ
ব্যস্ততাৰ অজুহাতত,,
মোক চাগে পাহৰিয়েই গ’লা।
কিন্তু মই---
মইচোন পাহৰিব পৰা নাই!!
©আমিনুল❤❤
Content: Assamese Poem Assamese poem for love
প্ৰতিটো পলে
প্ৰতিটো পলেই কাটিছে
ব্যৰ্থ প্ৰেমৰ, এক অনুভুতিত।।
ভাগৰি পৰিছো তোমাৰ..
প্ৰেমৰ প্ৰতাৰণাৰ বোজা লৈ।
এতিয়া মাথো বিচাৰিছো.
কেৱল জিৰণি আৰু জিৰণি।।
কোৱা.......?
আৰু কিমান সহ্য কৰিম..
তেমাৰ প্ৰেমৰ প্ৰতাৰণাৰ জুই কুৰা..।।
মোকচোন নিঃশেষ কৰি পেলালে..
তোমাৰ ছলনাময়ী প্ৰেমৰ..
নিষ্ঠুৰ স্মৃতিবোৰে...।।
অনেক চেষ্টাৰ ফলতো মুছিব ..
পৰা নাই স্মৃতিবোৰ।
কেনেকৈ পাহৰো কোৱা.?
সেই মধুৰ সময়খিনি..।
তোমাৰ সতে পাৰ কৰা
প্ৰতিটো ক্ষণ...।।
নাই....নাই নোৱাৰো..।।
©আমিনুল❤❤
বেদনা
বেদনাৰ যাতনাত..
আজি মই..
বিষাদাক্ৰান্ত ভাগৰুৱা
এজন ব্যাৰ্থ প্ৰেমিক..।
জানা তুমি ...?
আমাৰ ব্যাৰ্থতাত
মেঘেও যেন বৰষুণৰ চলনাৰে..
চকুলো বোৱাই..।
আকাশেও বজ্ৰপাতৰ ভাওৰে হুমুনীয়াই..
সাগৰেও ব্যাৰ্থতাৰ যাতনাত যেন..
মহান প্ৰলয়ৰ ৰূপ লয়.
নাই তুমি কি বুজিবা...
ব্যৰ্থ প্ৰেমিকৰ বেদনা।।
জানা কেতিয়াবা তুমালৈ
বৰকৈ মনত পৰে।
কিন্তু কি কৰিম কোৱা...?
মই যে এজন ব্যৰ্থ প্ৰেমিক
চকুলো টুকিয়েই হৃদয়ক দিও-।
©আমিনুল❤❤
Best Assamese Status
আশাৰ পদুলি
আশাৰ পদুলিত..
তোমাৰ উভতনিৰ এক..
অন্তহীন অপেক্ষাত ৰৈ আছো।
আকৌ এবাৰ আহিবা বুলি...।
নাই............
তুমিচোন অহা নাই..
মোৰ পদুলিলে..।
ক্ৰমশঃ পাহৰিয়েই গৈছো..
তোমাৰ সেই আবেগিক
স্মৃতি সমূহ..।
মনৰ দাপোনত মাজে মাজে..
ভাহি উঠে তোমাৰ এক...
মনিব নোৱাৰা অস্পষ্ট প্ৰতিচ্ছবি।।
হেজাৰ চেষ্টাৰ ফলতো মই ব্যৰ্থ হও..
তোমাৰ ছবিটো স্পষ্ট কৰাত..।
তথাপিও যেন এক আশাহীন..
প্ৰয়াসত ব্যস্ত..।।
আহিবাচোন আকৌ...?
তোমাক চাম হেপাহ পলুৱাই...।
দুচকুত আকি দিম...
হেজাৰ সপোনৰ আল্পনা।।
হাতে হাত দুয়ো গুছি যাম..
কোনোবা নিৰ্জনতালৈ...
আহিবানে...?
©আমিনুল❤❤
নুবুজিলো তোমাৰ প্ৰেমৰ ভাষা।নুবুজিলো তোমাৰ ভালপোৱাৰ সজ্ঞা।কিয় কৰিছিলা সেই প্ৰতিশ্ৰুতিবোৰ..?ইমানেই মূল্যহীন আছিল নে;তোমাৰ প্ৰেমৰ প্ৰতিশ্ৰুতিবোৰ?ইমানেই ঠুনুকা আছিলনে;তোমাৰ ভালপোৱাৰ বন্ধন?তুমিচোন নগ্নসভ্যতাৰ..আধুনিকতাৰ ভিৰতমোক পাহৰিয়েই গলা|ভাবিছানে এবাৰ মোৰ কথা?হৃদয় ফাকত ভূমুকি মাৰিছেনে;এবাৰ মোৰ ছঁবিটিয়ে?ভাঁহেনে মোৰ প্ৰতিচ্ছব্বি,,তোমাৰ মনৰ দাপোনত?মন মগজুত খুন্দা মাৰেনে;মোৰ স্মৃতিৰ অনু-পৰমাণুৱে?কেতিয়াবা মোৰ স্মৃতিতউচুপি উঠানে...?
Best Assamese Status
0 Comments