Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা


Today I am sharing with You Best Assamese Love Poem obviously you can share this on your social media. You can express your feelings your emotions through my poems. Hope you are like this.....
Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা




Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা

Read Also

তুমি আকৌ

তুমি আকৌ আহিবা বুলি......
তোমাৰ অপেক্ষাত নিতৌ.....
তোমাৰ উভতনিৰে আশাত ৰৈ আছো...|
নিতৌ তেমাৰ কাল্পনিক চিত্ৰ আকিছোঁ...
মোৰ হৃদয়ৰ ফলকত... |
তুমি আহিবানে....?
তোমাৰ দুবাহুত সাবটি লব'লে..?
দিবানে দুগালত প্ৰেমৰ চুমা আঁকি..?
তুমি আহিবা বুলি...
তোমালৈ সাচি ৰাখিছো...
অন্তহীন ভালপোৱা..|
তুমি আহিবা বুলি......
তুমালৈ খুলি ৰাখিছো মোৰ..
হৃদয়ৰ দুৱাৰখনি.... |
তুমি আহিবা বুলি....
নিতৌ লিখিছোঁ ছন্দবিহীন..
প্ৰেমৰ কবিতা. |
         ©আমিনুল

ঐ মেঘালী

ঐ মেঘালী
অকল আকাশতে
থাকিবানে..?
ভৈয়ামলৈও আহিবাচোন..
তোমাক কব লগা
বহুতো আছে ...
মোৰ ওচৰলৈ আহিবাচোন..
মোৰো মন যায়ও
তোমাক বহুত
ভাল পাবলৈ ....
তোমাৰ মৰমৰ মাজত
হেৰাই যাবলৈ ....
কিন্তু তুমি দেখোন
আকাশৰ অসীম নীলিমাৰ
সীমাহীন বুকুত থাকিহে
ভাল পোৱা ...
মোৰ বুকুৰ মাজলৈও
এবাৰ আহিবাচোন ..
চিন্তা নকৰিবা
মোৰ বুকুৰ ভিতৰখনো
আকাশৰ দৰেই বিশাল ..
হব দিয়া তুমি যতেই
থাকি ভাল পোৱা
তাতেই থাকা..
মাথোঁ এটি অনুৰোধ
তুমি যেন চকুৰ
আঁতৰ নোহোৱা
তোমাক চাই থাকিয়েই
মোৰ মন জুৰ পৰি যায়ও..
       ©সত্যজিৎ দাস

কলা তিলটো

কলা তিলটোৰে সৈতে
তোমাৰ ওঁঠৰ
মিচিকিয়া হাঁহিটি
মোৰ মন সন্ধিয়াৰ
সন্ধ্যাতৰা..
কুমলীয়া দেহৰ
ভাজে ভাজে
তোমাৰ সৌন্দৰ্য্যৰ
ৰূপ- মাধুৰ্য..
মোৰ হৃদয়ত
ওপঙি থকা
বেবিলনৰ বাগিচা ...
মোৰ মানসপটত অকাঁ
তোমাৰ ছবিখন
লিও নাৰ্ড দা ভিণ্ছিৰ
মনালিছা ...।
মোৰ হৃদয়ত তোমাৰ
নামত ৰখা চাৰিওটা কোঠালি
ছাহজাহানৰ তাজমহলতা..
ইয়াতেই তুমি আহি
জিৰাবাহি..
মোৰ মন আকাশৰ
মেঘালী.
   ©সত্যজিৎ দাস

You are reading: Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা


আমনি

বৰকৈ আমনি কৰিছেহি
তোমাৰ বহুৰঙী স্মৃতিয়ে।
তুমি থকা হলে দুয়োয়ে
উপভোগ কৰিলো হেতেন...
শীতৰে সেমেকা নিয়ৰসনা.
গধূলীবোৰ।।
তুমি থাকিলে...!
নামিলো হৈ জোনাকী পৰুৱা
ধৰাৰ প্ৰতিযোগিতাত।
তুমি থাকিলে...!
পূৰ্ণিমাৰ ৰাতিবোৰত আকঁকিলো হৈ
হেজাৰ মধুৰ স্বপ্নৰ বাসনা।।
ৰচিলোঁ হৈ অসংখ্য প্ৰেমৰ গান।
তোমাৰ উঠৰ তুলিকাত
আকি দিলো হেতেন এক
স্বপ্নময় মধুৰ চুমা..।।
 তুমি থাকিলে....!!!
©আমিনুল
                                               
তোমাৰ স্মৃতি

ক্ৰমশঃ পাহৰিব চেষ্টা কৰিছো
তোমাৰ স্মৃতিবোৰ
চিগাৰেটৰ ধোঁৱাৰ লগত
বিলীন হোৱা মোৰ আশাবোৰ ...
নালাগে আৰু তোমাৰ
দুই ওঁঠৰ চুমাৰ পৰশ
এতিয়া মাথোঁ গুজি দিছোঁ
মোৰ দুই ওঁঠ
মদিৰাৰ বটলত ...
নালাগে আৰু তুমি মোক
উভতাই দিবলৈ
অতীতৰ মধুৰ স্মৃতিবোৰ ..
থাকিব পাৰিম মই অকলে
বহু কথাই শিকালে
আজি মোক সময়ে...
নালাগে আৰু তুমি মোক
মিছা প্ৰেৰণা দিবলে...
থাকিব পাৰিম
মই  অকলে..
থাকিব পাৰিম
মই অকলে....
©সত্যজিৎ দাস
                                                 
                                                  
তোমাৰ হাঁহি

তোমাৰ সেই মিঠা হাঁহিটোৱে
মোক জীয়াই থকাৰ
সপোন দেখুৱাইছিল।
জীৱনত নতুন বাটৰ
সন্ধান দিছিল।
তোমাৰ হাঁহিটোতেই....
মই বিছাৰি পাইছিলো
জীয়াই থকাৰ এক মাদকতা।।
তোমাৰ হাঁহিটি যেন..
নীলিম সাগৰৰ তীৰ ভাঙি
মোৰ দিশেই ভাহি আহিছিল।
বিশাল আশাকত তাৰেই..
প্ৰতিধ্বনি ভাহি ফুৰিছিল।।
মেঘেও যেন....
তোমাৰ হাঁহিটিত মুগ্ধ হৈ
তোমাৰ স্পৰ্শ পোৱাৰ ভাবেই..
বৰষুণৰ ছলেৰে ...
পৃথিবীলৈ নামি আহিছিল..।
সেই হাঁহিৰ পৰশতেই
লুকাই আছিল...
সৰল প্ৰেমৰ মিঠা সজ্ঞা।।
  ©আমিনুল


Contant: Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা


প্ৰেমৰ সজ্ঞা


তুমিয়েইতো আঁকি দিছিলা
মোৰ হৃদয় পটত প্ৰেমৰ সজ্ঞা।
শিকাইছিলা ভালপোৱাৰ
নতুন নতুন অনুভুতি।।
তোমাৰ কোমল উঠৰ..
নিমজ হাঁহিটিয়ে আছিল,
মোৰ জীয়াৰ থকাৰ প্ৰেৰণা..।
তোমাৰ চকুযোৰিতেই দেখিছিলোঁ
হেজাৰ সপোনৰ বাসনা।
তোমাৰ হেপাহতেই সাজিছিলোঁ
ৰঙীণ ফুলৰ বাগিছাখনী।।
আৰু....
সেই সৰু পজাঁটো....যত..!
ত কটাইছিলো সেই..
ৰঙীণ প্ৰেমৰ প্ৰতিটো পল।।
তুমিচাগে পাহৰিলা..?
কৃত্ৰিম সভ্যতাৰ আধুনীক জীৱনৰ
ব্যস্ততাৰ অজুহাতত,,
মোক চাগে পাহৰিয়েই গলা।
কিন্তু মই---
মইচোন পাহৰিব পৰা নাই!!
©আমিনুল


 প্ৰতিটো পল

প্ৰতিটো পলেই কাটিছে
ব্যৰ্থ প্ৰেমৰ, এক অনুভুতিত।।
ভাগৰি পৰিছো তোমাৰ..
প্ৰেমৰ প্ৰতাৰণাৰ বোজা লৈ।
এতিয়া মাথো বিচাৰিছো.
কেৱল জিৰণি আৰু জিৰণি।।
কোৱা.......?
আৰু কিমান সহ্য কৰিম..
তেমাৰ প্ৰেমৰ প্ৰতাৰণাৰ জুই কুৰা..।।
মোকচোন নিঃশেষ কৰি পেলালে..
তোমাৰ ছলনাময়ী প্ৰেমৰ..
নিষ্ঠুৰ স্মৃতিবোৰে...।।
অনেক চেষ্টাৰ ফলতো মুছিব ..
পৰা নাই স্মৃতিবোৰ।
কেনেকৈ পাহৰো কোৱা.?
সেই মধুৰ সময়খিনি..।
তোমাৰ সতে পাৰ কৰা
প্ৰতিটো ক্ষণ...।।
নাই....নাই নোৱাৰো..।।
   ©আমিনুল

Assamese Love Poem

Read Also

কেনে আছা তুমি..?
 কেনে আছা তুমি..?
নিশ্চয় ভাল!!
,পাহৰিয়েই গলো..
তুমি টো নিজৰ সুখৰ ..
স্বাৰ্থতেই মোক এৰি গৈছা।।
কিন্তু........
মই কেনেকৈ থাকিব পাৰো
তুমিহীনতাত কোৱা..
তুমিয়েই টো আছিলা..
মোৰ দুচকুৰ সপোন,,
তোমাৰ নীলিম চকুযোৰিয়ে.
পৃথিবীক নতুন কৈ....
চাবলৈ শিকাইছিল..।
তোমাৰ আশাত সাঁজিছিলো
মোৰ অতি হেপাহৰ পজাঁটি..
আৰু তুমি.....
তুমিচোন মোৰ হেপাহৰ পজাঁটিত
একুৰা জতন্ত জুই সিছি দিলা গলা...
মৰমৰ পজাঁটো চকুৰ আগতেই..
জ্বলি-পুৰি নিঃশেষ হল...।।
এতিয়া কেৱল অপেক্ষা কৰিছো...
নাই তোমাৰ নহয় মৃত্যুৰহে..|
         ©আমিনুল


কল্পনা কৰিছানে?

  কেতিয়াবা কল্পনা কৰিছানে?
বিষাদী প্ৰেমিকৰ অকলশৰীয়া..
জীৱনৰ যন্ত্ৰণাবোৰ।
উপলব্ধি কৰিছানে....?
কেচাঁ সপোন মৰহি যোৱাৰ
আঘাতৰ বোদনাবোৰ..।
এবাৰ ভাবিচাবোচোন...?
চাৰি বেৰৰ মাজত আবদ্ধ থকা...
ব্যৰ্থ প্ৰেমিকৰ জীৱন কাহিনী।।
ব্যস্ততাৰৰ মাজতেই শুনিবাচোন
এবাৰ..।
সপোন ভঙাৰ আঘাতত..
গোৱা সুৰবিহীন গানৰ সুৰ...।।
চাবা...!!
তুমি নজনাকৈয়েই....
তোমাৰ দুচকুৰ সাগৰৰ
তীৰ ভাঙি চকুলো বব..।।
এবাৰ ভাবিচোন....?
তোমাৰ স্মৃতিত মগ্ন থকা
সেই ব্যৰ্থ প্ৰেমিকজনৰ কথা।।
          ©আমিনুল


      হেজাৰ চেষ্টা

হেজাৰ চেষ্টাৰ পৰিবৰ্তেও
পাহৰিব পৰা নাই...
তোমাৰ স্বাৰ্থসনা স্মৃতিবোৰ।।
তোমাৰ ছলনাময়ী প্ৰেমৰ..
নিঠুৰ প্ৰতাৰনাৰ জুইকুৰা...
এতিয়াও অহনিৰ্শে হৃদয়ত জ্বলে।
গধূলীৰ আকাশৰ মেঘৰ ফাকেৰে...
অহা ৰঙা উঞ্চতাহীন পোহৰ জাকৰ
দৰেই আছিল;তোমাৰ মৌন উঠৰ হাঁহিটি।।
কেনেকৈ পাহৰিব পাৰো কোৱা...?
মোৰ জীৱনলৈ আশাৰ সপোন কঢ়োৱা...
তোমাৰ সেই নীলিম চকুযোৰৰ চাৱনি..।।
তুমি আতৰি যোৱাৰ ব্যৰ্থতাত
কেতিয়াবা চিঞৰি চিঞৰি
গাবলৈ মন যায়,বিষাদী প্ৰেমৰ গজল।।
কিন্তু তুমি.......................
তুমিচোন নুশুনিবা তাৰ প্ৰতিধ্বনি।
কি কৰিম কোৱা...?
মৌনতাতে..তোমাৰ স্মৃতিত---
বিষাদী প্ৰেমৰ ছন্দবিহীন,,,
কবিতা লিখাৰ প্ৰয়াসত
মগ্ন আছো।।।
©আমিনুল

 Contant:Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা

হেজাৰ চেষ্টাৰ


হেজাৰ চেষ্টাৰ পৰিবৰ্তেওপাহৰিব পৰা নাই...
তোমাৰ স্বাৰ্থসনা স্মৃতিবোৰ।।
তোমাৰ ছলনাময়ী প্ৰেমৰ..
নিঠুৰ প্ৰতাৰনাৰ জুইকুৰা...
এতিয়াও অহনিৰ্শে হৃদয়ত জ্বলে।
গধূলীৰ আকাশৰ মেঘৰ ফাকেৰে...
অহা ৰঙা উঞ্চতাহীন পোহৰ জাকৰদৰেই আছিল;
তোমাৰ মৌন উঠৰ হাঁহিটি।।
কেনেকৈ পাহৰিব পাৰো কোৱা...?
মোৰ জীৱনলৈ আশাৰ সপোন কঢ়োৱা...
তোমাৰ সেই নীলিম চকুযোৰৰ চাৱনি..।।
তুমি আতৰি যোৱাৰ ব্যৰ্থতাত কেতিয়াবা
চিঞৰি চিঞৰি গাবলৈ মন যায়,
বিষাদী প্ৰেমৰ গজল।।কিন্তু তুমি.......................
তুমিচোন নুশুনিবা তাৰ প্ৰতিধ্বনি।
কি কৰিম কোৱা...?
মৌনতাতে..তোমাৰ স্মৃতিত---
বিষাদী প্ৰেমৰ ছন্দবিহীন,,,
কবিতা লিখাৰ প্ৰয়াসতমগ্ন আছো।।।
      ©আমিনুল


জীৱন কাহিনী.

এয়া জানো জীৱন কাহিনী..নে......
কলুষিত জীৱনৰ শোকৰ ৰাগিনী।
কিনো কম.......
কলংকিত জীৱনৰ বিষাদৰ কাহিনী..।
তুমি টো নাছিলামোৰ সেই হৃদয়ৰচেপা
কান্দোন শুনাৰশ্ৰুতা হৈ...........।
সপোন বোৰৰ মৃত্যু দেখি..
মনে মনেই চকুলো বোৱাইছিলো..।
তুমি টো এবাৰো অহা নাছিলা..
মোৰ চকুলো মুছি দিবলৈ..।
দেখিছিলো আশাৰ কাৰেং বোৰ...
ধংসৰ গৰাহলৈ গৈছিল..।
মই কেৱল নিঠুৰ হৈৰৈ আছিলো।।
কি কৰিম কোৱা..?
মই যে বিষাদি যন্ত্ৰনাত নিষ্ঠৰ হৈ পৰিছিলো।।
হয়তো তুমি..... ;
তুমি মোক দেখিছিলা..?
কোনোবা অজান দূৰণিৰ পৰা.।।
মই নজনাকৈ উপভোগ কৰিছিলা..
মোৰ ধংসকক....।।
কিয় ......কিয়..?
©আমিনুল

 Contant:Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা


মৃত্যু

মোৰচোন সিদিনাই
মৃত্যু হৈছিল...।
যিদিনা মোক অকলে
এৰি থৈ গৈছিলা।।
মই কব নোৱাৰাকৈ
তোমাক বহুত
ভাল পাই পেলাইছিলো।।
কি কৰিম কোৱা...?
তুমি টো নুবুজিলা..
বিষাদি প্ৰেমিকৰ
সৰল প্ৰেমৰ ভাষা।।
জানা প্ৰিয়া...?
তোমাৰ স্মৃতিৰ ...
অণু,পৰমাণুৱে এতিয়াও
মন মগজুত খুন্দামাৰে।।
কেতিয়াবা..............
দুচকু ভৰি আহে,
হৃদয়ৰ চেপা কান্দোনত।।
কি কৰিম কোৱা..?
মই যে এজন ব্যৰ্থ প্ৰেমিক।।
তোমাৰ নিষ্ঠুৰ আঘাতে..
মোক চূৰ্ণ-বিচূৰ্ণ কৰি পেলালে.।।
তুমি কি বুজিবা...!
বিষাদি প্ৰেমিকৰ হিয়াভঙা যন্ত্ৰণা..।
            ©আমিনুল


তুমি

তুমিয়েইতো আছিলা..
মোৰ জীৱনৰ
এন্ধাৰৰ নিস্তব্ধ কোঠাৰ
জোনাকীৰ এমুঠি পোহৰ।
কিয় আতৰি গলা
মোক অন্ধকাৰত এৰি?
মইচোন তুমিহীনতাৰ
বেদনাত; বিষাদি নদীত
উটি ভাহি ফুৰিছো।।
আহিবাচোন আকৌ....
মোৰ ব্যৰ্থ জীৱনৰ
সংগী হবলৈ।।।।
দুয়ো গুছি যাম
কোনোবা অজান
প্ৰেমৰ সভ্য দেশলৈ...।
আহিবাচোন আকৌ..
প্ৰেমৰ বিষাদাক্ৰান্ত
সুৰহীন গানৰ ভাষা ৰচিৱলৈ।
তুমিহীনতাত মই আজি
নিৰ্জন পথৰ ভাগৰুৱা
পথিক..।
জানা....?
তোমাৰ সেই কোমল
মৌসনা ভাষা বোৰে..
এতিয়াও মোৰ নিৰ্জন
মনত দোলা দি যায়।।
আহিবাচোন আকৌ........?
           ©আমিনুল


Contant:Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা

কিয় আকৌ উভতিছা

কিয় আকৌ উভতিছা

মোৰ জীৱনলৈ...?
মোৰ মৃত্যুত ৰং সানিবলৈ-,
নে
মোৰ ধংসকক উপভোগ কৰিবলৈ।
কিয় উভতিছা?
কিনো নিষ্ঠুৰ তোমাৰ প্ৰেম...
মোক ব্যৰ্থ কৰিও যে.....
তুমি সুখী হোৱা নাই।।
নালাগে তোমাৰ ছলনাৰ...
ভাষাৰে মোক আশাৰ
সপোন দেখুৱাবলে....।
মই মোৰ বিষাদি
যন্ত্ৰনাতেই সুখী।
নাই
   নহয়...
মই তোমাৰ উভতনি
যাত্ৰাত সুখী নহয়।।
নালাগে দিয়া তোমাৰ
ছলনাময়ী প্ৰেমৰ সংগী কৰিবলৈ..।
মই অকলেই সুখী.।
ব্যৰ্থ প্ৰেমৰ বিষাদি স্মৃতিত
সুখী সময়েই কটাইছো.।
কয়...?
   কিয় উভতিছা..?

        ©আমিনুল


সজ্ঞাবিহীন জীবন

হাজাৰ সজ্ঞাৰ সজ্ঞাবিহীন জীবনৰ
কিনো এয়া তুমাৰ স্বাৰ্থৰ যাত্ৰা?
তোমাৰ চিন্তাৰ খোৰাকে...
নাইবা................................
তোমাৰ কল্পনাময়ী মনে..
কেতিয়াবা ঢুকি পাইনে..?
বেদনাৰ কলংকাৰে জৰ্জিত
ব্যাৰ্থ প্ৰেমিকৰ আভ্যন্তৰীণ বিষাদৰ...
ছন্দবিহীন কবিতা,গল্প...
নাইবা.............................
উপন্যাস লিখাৰ প্ৰয়াস।
নাই..............................
তুমি কি কল্পনা কৰিব পাৰিবা
নহলে হয়তো ..জীৱন বাটত..
মোৰ সতে এখোজ দিলা হেতেন..
শুন্য পথৰ লগৰী হৈ....।
নাই..........................
হেয়াতো কৰা নাই.....মোক
ঠেলি দিছা এক ধংস মুখী..
জীৱনৰ দিশে..
হয়তো ইয়াতকৈ বেছি
কামনা কৰিলেও....
মইয়ো স্বাৰ্থপৰেই হৈ পৰিম।।
নালাগে দিয়া তোমাৰ কৰুণাৰ..
সংগী কৰিব মোক...।
মাত্ৰ মোৰ মৃত্যুত অলপ
সহযোগ কৰিবা....
হয়তো তাতেই মই সুখী হম..।।।
          ©আমিনুল

 Assamese Love Poem
মনত আছেনে?

তুমাৰ মনত আছেনে?
মোৰ নামটো...
চাগে সেয়াও পাহৰিলা..
জানা তুমি এজন
ভাল অভিনেত্ৰী..
চোৱাচোন মোৰ সৈতে
কি ধুনীয়া প্ৰেমৰ অভিনয় কৰিলা।।
তথাপিও যেন তুমি সুখী হোৱা নাই?
কিয়? মোৰ মৃত্যুক কামনা
কৰা নেকি?
কোৱাচোন তুমাক সুখী কৰিৱলৈ
কি কৰিব পাৰো???
তুমাক সুখী দেখিব বিছাৰো..
তুমি জানা..?
তুমাৰ সুখৰ বাবেই
মই আজি ব্যাৰ্থ প্ৰেমিক।
তোমাক সুখী কৰিবলৈ...
মোৰ আশা, আক্ষাংশা,সপোনক...
জলন্ত চিতাগ্নিত ঠেলি দিবলৈ সাজু।
     ©আমিনুল

Contant:Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা


ঐ অভিমানী

ঐ অভিমানী.......
আকৌ আহিবাচোন.
মোৰ ব্যৰ্থ সপোনলে....।
তোমাক বৰকৈ চাবলৈ
মন গৈছে অ
আহিবাচোন দোভাগ ৰাতিৰ..
এন্ধাৰ ফালি মোৰ সপোনলে।
আহিবানে.?
আহিবানে এবাৰ মোক
তোমাৰ দুবাহুত সাবটি লবলে..?
জানা??
মাজে মাজে সপোনতে
চিঞৰি উঠো তোমাৰ নাম লৈ..।
কিন্তু,.তুমিচোন নাথাকা
মোৰ কাষত।
জানা...?
সপোনবোৰ বৰ নিঠুৰুৱা
হৈ পৰিছি অ
আহিবাচোন মোৰ সপোনলে
তোমাৰ বুকুচাত বান্ধি দিম
অন্তহীন প্ৰেমৰ মধুৰ আল্পনা।
আহিবানে?
      ©আমিনুল


প্ৰেমৰ বতাহ

অজানিতেই আহিছিল....
সেই প্ৰেমৰ বতাহজাক |
আৰু.. কব নোৱাৰাকৈয়েই...
মোক উৰুৱাই লৈ গৈছিল..
তোমাৰ প্ৰেম কাননলৈ.. |
মোক মতলীয়া কৰিছিল
তোমাৰ প্ৰেমৰ গানে.. |
তোমাতেই বিলীন হৈছিল..
মোৰ প্ৰতিটো নিশ্বাস|
তোমাৰ চকুযোৰিৰেই দেখিছিলোঁ..
আঘোণৰ নিয়ৰৰ টোপালত
ভাহি উঠা আমাৰ প্ৰেমৰ প্ৰতিচ্ছবি |
আৰু....
তোমাৰ মৌন ওঠতেই চিত্ৰিত হৈছিল...
মোৰ কবিতাৰ ভাষা.. |
     ©আমিনুল


Contant:Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা

হঠাৎ

হঠাৎ আহিছিল সেই প্ৰচণ্ড ধুমুহাজাক...
পলকতেই ধ্বংস কৰি পেলাইছিল,
লাহে লাহে গঢ়ি তোলা সেই....
প্ৰেম নামৰ গছ জোপা... |
কব নোৱাৰাকৈয়েই সৃষ্টি কৰিছিল...
(মোৰ) মন সাগৰত এজাক সহিব নোৱাৰা ছুনামিৰ .. |
সকলো নিমিষতে ধ্বংসস্তুপত পৰিণত হৈছিল... |
মোক যেন আগুৰি ধৰিছিল এক...
মেঘাচ্ছন্ন অন্ধকাৰে.. |
হৃদয়ে গুপনে গুপনেই চিঞঁৰিছিল.. |
অনুভৱ কৰিছিলোঁ মোৰ অবিহনে এই পৃথিৱীত
আন কোনো নাই....
নাই কিজানি আন কোনো ভঙা হৃদয়ৰ গৰাকী.. |
                    ©আমিনুল



Contant:Assamese Love Poem, Assamese premor kobita, অসমীয়া প্ৰেমৰ কবিতা



তুমি কি বুজিবা.....

তুমি কি বুজিবা.....
অকল শৰীয়াকৈ থকাৰ বেদনা|
তুমি কেনেকৈ জানিবা...?
পায়ো হেৰুৱাৰ যন্ত্রণা.. |
জানা...?
এজাক বিষাদী ধুৱাই...
আৱৰি ধৰিছেহি মোক.. |
এটুকুৰা কলা ডাৱৰে আৱৰিছেহি.....
মোৰ পূর্ণিমাৰ আকাশখনৰ জোনটিক.. |
জানা.....?
অনাবৰতে লৈ ফুৰিছোঁ...
তোমাক হেৰুৱাৰ য্ন্ত্ৰণা.. |
কেতিয়াবা বুুকু ফালি..
ওলাই আহিব খুজে; বিষাদৰ নদী.. |
জানা...?
এতিয়াও চিঞৰি চিঞৰি
কবলৈ মন যায়....!!!!!
তোমাকেই ভাল পাওঁ বুলি...!!
       ©আমিনুলAssamese Love Poem


কিয় শিকাইছিলা ভালপাবলৈ?

কিয় শিকাইছিলা ভালপাবলৈ?
কিয় দিছিলা জীয়াই থকাৰ আশা?
তোমাক পায়েই মোৰ চকুত....
নামিছিল হেজাৰ সপোনৰ বৰষুণ।
তোমাক পায়েই মোৰ জীৱনে পাইছিল;
এক জীয়াই থকাৰ সংজ্ঞা।।
তোমাৰ কল্পনাতে সাজিছিলোঁ
আকাশী শুন্যতাত ভালপোৱাৰ পজাঁ।
তোমাৰ প্ৰেমৰ প্ৰতিশ্ৰুতিতেই.....
ৰচনা কৰিছিলোঁহাজাৰ প্ৰেমৰ ছন্দহীন কবিতা।।।
©আমিনুল

মনত আছেনে তোমাৰ?


মনত আছেনে তোমাৰ?
সেই মলয়া বতাহজাক|
লাহে লাহে  যে ধুমুহাত পৰিণত হৈছিল.....|
আৰু তুমি মোক হাবটি ধৰিছিলা...
তুমি বৰকৈ ভয় কৰিছিলা....
মোক যে জীয়াই থকাৰ ছলেৰে কৈছিলা,
মোৰ সতে আজীৱন এইদৰেই থাকিবা|
আৰু এতিয়া.......
কি হ'ল...!
সেই তোমাৰ প্ৰতিশ্ৰতি.
আশাৰ  সপোনবোৰ|
পাহৰিলা সকলো....
কিন্ত মই....!
মই নোৱাৰো তোমাক এৰি থাকিব...
তোমাতেই বিলীন হৈ আছে মোৰ..
জীয়াই থকাৰ পৃথিৱীখন..|
নোৱাৰো...
নোৱাৰো তোমাক এৰি থাকিব...|
      ©আমিনুল

ভালপাওঁ

যোৱাগৈ তুমি মোক পাহৰি,
তথাপিও অকল তোমাকেই ভালপাওঁ 
নীৰবতাত অকল তোমৰ,
নামৰ কবিতাই লিখো1
মোৰ কবিতাৰ ছন্দত.....
অকল তোমাৰ স্মৃতিয়েই জিলিকে
বহু প্ৰকাৰে;  বহু  ভাষাৰে.....
অকল একাষাৰ কথাই কলোঁ...
|তোমাক বহুত ভালপাওঁ |
যোৱাগৈ....
যোৱাগৈ পাহৰি.. যোৱাগৈ আতৰি..
বাধা নিদিওঁ... নকওঁ তোমাক থাকিব
তোমৰ অৰ্ধ স্মৃতিকে লৈ জীয়াই থাকিম
নিদিও তোমাক আকৌ আমনি..
যোৱাযোৱাগৈ মোক পাহৰি.. 
তথাপিওঁ তোমাকেই ভালপাওঁ..!!!!!!!
                                                                 ©আমিনুল
Thank You for Reading my Assamese Love poems


Post a Comment

0 Comments